top of page

ছবিৰ নামঃ জলছবি

প্ৰডাকচনঃ মায়ামৰা

ভাষাঃ অসমীয়া

কাহিনী, চিত্ৰনাট্য, সংলাপ, পৰিচালনাঃ জয়ছেং জয় দহোতীয়া

প্ৰযোজকঃ জয়ছেং জয় দহোতীয়া, ভূপালী মৰাণ

সহ প্ৰযোজকঃ আৰমান আহমেদ, এন্দ্ৰেয়াচ লুকাচ(জাৰ্মানী), শ্ৰীকুমাৰ দহোতীয়া, মানস প্ৰতীম দত্ত 

কাৰ্য্যবাহী প্ৰযোজকঃ খ্ৰীচস্টফ থকে ৷

মূল অভিনয়তঃ দৰথী ভৰদ্বাজ

অনান্য অভিনয়তঃ নুমল চন্দ্ৰ গগৈ, দূৰ্লভা মৰাণ, দুলুকান্ত মৰাণ, বিশাল অনুৰাগ, কৰবী দূৱৰা ৷

চিত্ৰগ্ৰহণঃ চিদা বৰা, জয়ছেং জয় দহোতীয়া

শব্দগ্ৰহণঃ দেৱজিত গায়ন

কলা নিদেশকঃ পূণ্যজিত মৰাণ, প্ৰকাশদীপ দহোতীয়া

প্ৰযোজনা নিয়ন্ত্ৰকঃ তিলকজ্যোতি মৰাণ

 

 

সাৰাংশঃ নায়িকা তাপসীয়ে চহৰৰ পৰা উচ্চ শিক্ষা সাং কৰি এটা সু্স্থিৰ জীৱনৰ সন্ধানত নিজ ঘৰলৈ ঘূৰি আহে, কিন্তু স্কুলীয়া সময়ত এৰি থৈ যোৱা ঘৰখন, গাৱখন এতিয়া আৰু নাই, তাই যেন প্ৰৱেশ কৰে অন্য অচিনাকী এখন পৃথিৱীতহে ৷ যত তাইৰ চিনাকী কেৱল এগৰাকী নাৰী ৷ আৰু যেতিয়া তাইৰ এই কথা উপলব্ধি হয় তাইৰ সংঘাট আৰাম্ভ হয় পৰিয়াল, গাৱৰ সমাজ আৰু এটা শিল হৈ পৰা ব্যৱস্থাৰ সতে ৷

কাহিনীঃ জলছবিৰ মূল চৰিত্ৰ তাপসীৰ আশাঁ আৰু সপোনবোৰৰ সন্মুখত সময় আৰু বাস্তৱে বাধাৰ প্ৰাচীৰ হৈ ধৰা দিয়ে ৷ জীৱনৰ এই যুজত তাপসী ধাৰাষায়ী হয়, বিধস্ত তাপসীয়ে তাইৰ সমস্ত আশাঁ অদৃস্টৰ হাতত তুলি দিবলৈ বাধ্য হয় ৷ অজস্ৰজনৰ মাজত তাপসী লাহে লাহে হেৰাই যাবলৈ ধৰে কিন্তু তাৰ মাজতে সময়ে পুনৰ তাপসীক নতুন ৰূপত প্ৰতিস্থা কৰে ৷ আন এগৰাকী নতুন তাপসীৰ সৃস্টি হয়, সময়ৰ প্ৰবাহক গতিশীল কৰিবলৈ ৷ জলছবিৰ দৰে জলমলাই জলমলাই আগৰবোৰ এদিন নোহোৱা হৈ পৰে, কোনোৱে হিচাপ নৰখাকৈ ৷

 

“জলছবি“ ছবিখনৰ তাপসী নামৰ নৱ প্ৰজন্মৰ এই মূল চৰিত্ৰটিত হৃদয়স্পৰ্শী অভিনয় কৰিছে দৰথী ভৰদ্বাজে ৷ আনহাতে চবিখনত তাপসীৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছে কাকপথাৰৰ পূৰোধা নাট্যকৰ্মী নূমলচন্দ্ৰ গগৈয়ে, মাকৰ চৰিত্ৰত অভিনয় কৰিছে বিশিস্ট বিহুনৃত্য পটীয়সী দুৰ্লভা মৰাণে ৷ ইয়াৰ উপৰি ককায়েকৰ চৰিত্ৰত দুলুকান্ত মৰাণ, স্বামীৰ চৰিত্ৰত বিশাল অনুৰাগকে ধৰি অনান্য চৰিত্ৰত অখিল গগৈ, কৰবী দুৱৰা, বিপনজিৎ গগৈ, জিতু মৰাণ, গীতাশ্ৰী দহোতীয়া আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে ৷

 

ছবিখন জাৰ্মানীৰ মগাদৰ ফ্লিম আৰু ফান দে মেন্টেল স্টুডিঅ’চৰ সহযোগত  “মায়ামৰা“ প্ৰডাকচনে নিৰ্মাণ কৰিছে ৷ লগতে সহযোগী হিচাপে আছে আৰমান প্ৰডাকচনচ ৷ ছবিখনৰ প্ৰযোজক জয়ছেং জয় দহোতীয়া আৰু ভূপালী মৰাণ ৷ সহ প্ৰযোজকঃ আৰমান আহমেদ, এন্দ্ৰেয়াচ লুকাচ(জাৰ্মানী), শ্ৰীকুমাৰ দহোতীয়া, মানস প্ৰতীম দত্ত, কাৰ্য্যবাহী প্ৰযোজকঃ খ্ৰীচস্টফ থকে ৷ 

 

ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে চিদা বৰা আৰু জয়ছেং জয় দহোতীয়া, শব্দনক্সা অলিভাৰ আক্টেজ আৰু দেৱজীত গায়নৰ, কলা নিদেশনা পূণ্যজিত মৰাণ আৰু প্ৰকাশদীপ দহোতীয়াৰ, প্ৰযোজনা নিয়ন্ত্ৰণ তিলকজ্যোতি মৰাণৰ, ডি আই সুজিত বৰাৰ, ছবিৰ আৱহ সংগীত এন্দ্ৰেয়াচ লুকাচৰ, সংগীত পৰিচালনা সৌৰভজ্যোতি মহন্তৰ, গীতিকাৰ মৃণাল বৰগোহাই, কুকিল আৰু যাদৱ মহন্তৰ ৷ কন্ঠ নিগৰাইছে গীতালিনা দত্তই ৷ আনহাতে ৰূপসজ্জাত আছে বিশ্ব কলিতা ৷ গ্ৰাফিস্ক ধীৰুজ্যোতি বুঢ়াগোহাঁইৰ ৷ ছবিখনৰ চিত্ৰনাট্য জয়ছেং জয় দহোতীয়াৰ ৷ চিত্ৰনাট্যত সহযোগ কৰিছে ভাস্কৰজ্যোতি দাসে ৷ ঠলিতে শব্দগ্ৰহণ ৰিংকু বড়ো আৰু নয়নজ্যোতি ভূঞাৰ ৷

 

ছবিখনৰ শ্বুটিংৰ কাম ইতিমধ্যে তিনিচুকীয়াৰ কাকপথাৰ, টঙনা, ডিব্ৰু-চৈখোৱা, ডুমডুমা আদিৰ বিভিন্ন লোকেচনত সম্পূৰ্ণ হৈ উঠিছে ৷ বৰ্তমান ছবিখন সম্পাদনাৰ অন্তিম পৰ্য্যায়ত থকা বুলি জানিব পৰা গৈছে ৷ ছবিখন এইবৰ্ষৰ শেষৰ ফালে ছবিগৃহলৈ অহাৰ আশা ৷

  • Facebook

© 2020 by Mayamara. Proudly created with Wix.com

bottom of page